নমস্কাৰ 🙏🏻, মই অঞ্জলী দেৱী শৰ্মা ।
অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।
জ্যোতিষশাস্ত্ৰ চৰ্চাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ নলবাৰী জিলাৰ ইতিহাস প্ৰসিদ্ধ গন্ধিয়া গাঁওৰ এটি সৰু পৰিয়ালত জন্মগ্ৰহণ কৰিছিলোঁ । দেউতাৰ হাতৰ মুঠিতে হাত থৈ লিখিবলৈ শিকিছিলো । ভৱা নাছিলোঁ কেতিয়াবা face book , insta t লিখা মেলা কৰিম । Chamata kamrup College ৰ পৰা Degree লাভ কৰি , MA পঢ়া আৰম্ভ কৰোতেই সাংসাৰিক জীৱন যাত্ৰাআৰম্ভ হৈছিল । জীৱনটো ব্যস্ততাৰে ভৰি পৰিছিল। অসমৰ বাহিৰলৈ গুচি আহিলো , কিন্তু অসমীয়া কিতাপ পঢ়িবলৈ এৰি দিয়া নাছিলোঁ । লাহে লাহে সাংসাৰিক ব্যস্ততা কমি গ'ল, তেতিয়া চিন্তা চৰ্চা কৰিলো Facebook ত কিবা কিবি লিখি গলো Facebook ত কিন্তু ৰাইজৰ সিমান সহাৰি নাপালোঁ । তাৰ পিছত insta ত account খুলি চুটি গল্প কবিতা ভাৱধাৰা বোৰ লিখি গলো । ভবাই নাছিলোঁ বন্ধু বৰ্গৰ পৰা ইমান সহাৰি পাম বুলি , দৈনিক মোৰ follower বাঢ়িব ধৰিলে , সকলোৱে মোক আকোঁৱালি ললে আৰু সুন্দৰ সুন্দৰ comment দিব ধৰিলে । মোৰ লিখা আগ্ৰহ ক্ৰমান্বয়ে বাঢ়িব ধৰিলে । লিখাটো মই অভ্যাস কৰি ললো । সেয়েহে মনতে ভাবিলো page এটা খুলি ৰাইজৰ আগত লিখনিবোৰ বিলাই দিওঁ । আশা কৰো আপোনালোকে আগ্ৰহেৰে মোৰ লিখনি আকোঁৱালি লব ।
ধন্যবাদ 🙏🏻