Published December 18 2022
অনিতাৰ ঘৰ
সময়তো দূৰ্গা পূজাৰ আছিল মুকুলে মাক অনিতাক চহৰলৈ লৈ গ'ল কেইখন মান কাপোৰ কিনি দিম বুলি। বহুত বজাৰ কৰি গাওঁৰ ঘৰলৈ ঘুৰিবলৈ বাছ অপেক্ষা কৰি আছিল মুকুল মাকৰ সৈতে । হঠাৎ এখন বাছ আহিল , বাছখনত বহুত মানুহৰ ভীৰ আছিল , মুকুল বাছত উঠিলে সি ভাবিলে মাক অনিতাওঁ বাছত উঠিছে , বাছখন চলিবলৈ আৰম্ভ কৰিলে , ভীৰৰ মাজত মুকুলে মাকক বহুত বিচাৰিলে কিন্তু মাক অনিতাক বাছৰ ভিতৰত দেখা নেপাই বাছৰ পৰা নামি আহিল ।মুকুলে মাকক বহুত বিচাৰিওঁ নেপাই দুখ মনেৰে ঘৰলৈ উভতি আহিল । মুকুলৰ মাক অনিতা হেৰাই থাকিল ।
দ্বিতীয় দিন
সেই চহৰৰ এজন কানু নামৰ মানুহ এজন প্ৰাত: ভ্ৰমনলৈ আহিছিল , হঠাৎ তেওঁৰ চকুত পৰিলে ৰাস্তাৰ দাতিত এজনী মাইকী মানুহ পৰি আছে, কেইটামান কুকুৰে চাই আছে । কানু ওচৰলৈ গৈ দেখিলে যে মানুহজনী মৰা নাই , অচেতন হৈ পৰি আছে , তেওঁ দৌৰা দৌৰিকৈ ওচৰৰ চিকিৎসালয়লৈ লৈ গ'ল, ডাক্তৰৰ চিকিৎসাত অনিতা ঠিক হৈ উঠিল ।তেতিয়া কানুই তেওঁৰ পৰিচয় সুধিলে কিন্ত অনিতাই যে একো কব নোৱাৰে সকলো পাহৰি গৈছে । নিৰুপায় হৈ কানুই মানুহগৰাকীক ঘৰলৈ লৈ আহিল । কিন্ত অনিতাৰ একো কথাই মনত নপৰিল । বহুত বছৰ হৈ গ'ল । কানুই নিজৰ মাকৰ নিচিনা ৰাখিলে । এদিন অনিতাই ঘৰৰ সামগ্ৰী অলপ কিনিম বুলি বজাৰৰ ফালে ওলাই গ'ল । ৰাস্তাৰ কেকুৰিটোতে অনিতাক গাড়ী এখনে খুন্দা মাৰি ৰাস্তাত পেলাই থৈ গ'ল । মানুহ এজন আহি কানুক কলে যে তোৰ মাঁ ৰাস্তাৰ দাতিত পৰি আছে । কানুই দৌৰা দৌৰিকৈ মাঁকক তুলি চিকিৎসালয়লৈ লৈ গ'ল । কিন্তু গাড়ীৰ খুন্দাত অনিতাৰ হেৰাই যোৱা চেতনা ঘুৰাই পালে , অনিতাৰ ঘৰখনৰ কথা মনত পৰিল। অনিতাই কানুক সাৱতি ধৰি কান্দি কান্দি সকলো কথা কলে লগতে নামতো অনিতা বুলি কলে ।কানুৰ চকুপানী ওলাই পৰিল। মনত বহুত দুখ লাগিল যদিওঁ মাকে হেৰাই যোৱা চেতনা ঘুৰাই পোৱা কাৰনে ভাল পালে । কানুৰ গাওঁৰ মানুহবোৰে অনিতাক নিজৰ বুলি আকোঁৱালি লৈছিল , সকলোৱে মনতে দুখৰ মাজতে সুখ বিচাৰি ললে । কানুই নিজৰ মা কৰি লোৱা অনিতাক নিজৰ ঘৰত থবলৈ গ'ল ।
অনিতা তেতিয়া বহুত বুঢ়ী হৈ গৈছিল। মুকুলে ভিতৰৰ পৰা ওলাই বহিবলৈ দি শুধিলে কোন ?
তেতিয়া মাক অনিতাই চিঞৰি চিঞৰি কৈছিল মুকুল মই তোৰ মাঁ । তেতিয়া কানুই সকলোবোৰ কথা বিৱৰি কলে ,মুকুলে মাকক সাৱতি ধৰি হুকহুকাই কান্দি পেলালে । বহুত দিনৰ মুৰত মাকক পাই নথৈ আনন্দিত হ'ল । মুকুলে কানুক বহুত ধন্যবাদ দি কলে যে , আজিৰ পৰা মোৰ আৰু এটা ভাই পালো ।
কানু আৰু মুকুল দুৰ সম্পৰ্কীয় ভাইৰ সম্বন্ধ গঢ়ি উঠিল ।
অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।
A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star