Published September 27 2022
অভিজ্ঞতা
আজি আপোনালোকক এটা সুন্দৰ কাহিনীৰ মজলৈ লৈ যাব বিচাৰিছো , তেন্তে আহক মোৰ সৈতে ....
বহুত বছৰৰ পৰা মনতে ভাবি আছিলোঁ এবাৰ পাহাৰৰ ফালে যাব লাগে, vacation পৰিল আমি যাত্ৰা কৰিলোঁ পাহাৰৰ ফাললৈ, তাৰ মানুহবোৰেনো কেনেকৈ জীৱন নিৰ্বাহ কৰে জানিবলৈ বহুত ইচ্ছা আছিল, সেয়েহে যাত্ৰা আৰম্ভ কৰিলো । ওখ পাহাৰৰ মাজে মাজে লুঙ লুঙীয়া সৰু ৰাস্তাটো গৈছে । ৰাস্তাৰ দাঁতিতে সুন্দৰ গছ গছনিৰ পাতৰ মাজে মাজে পিলিঙা পিলিঙা চৰাইৰ মধুৰ মাত , ওপৰৰ পৰা জুৰি বৈ আহিছে একা বেকা কৈ পানীৰ সুন্দৰ সুৰীয়া মধুৰ শব্দ কৰি কৰি, সচাকৈ কি যে সুন্দৰ পৰিবেশ এটা পাইছো , গৈ থাকোতে এজাক বৰষুণে পালে, পানী ৰাস্তালৈ বৈ আহিছে, দেখিলো মাছবোৰ জপিয়াই জপিয়াই যাব ধৰিছে ভাল লাগিছিল দেখি ,শান্তিৰ পৰিবেশ এটা পাইছিলো ,বৰষুণ জাকত ঠাণ্ডাত কপনি উঠি গ'ল আমাৰ ।
কিছুদূৰ যোৱাৰ পিছত দেখিলোঁ এহাল মতা মাইকীয়ে ৰাস্তাৰ দাঁতিতে সৰুকৈ চাহৰ দোকান এখন দি বহি আছে ,চাহ খাবলৈ মানুহ নাছিল । আমি গৈ বেঞ্চ খনতে বহি গৰম মচলা চাহৰ আমেজ লৈ গৈ থাকিলো । সময় বহুত হোৱা হেতুকে আমাৰ ভোক লাগিলে ,পিঠিৰ বেগত লৈ যোৱা খানা খাই অকণমান সময় জিৰনি লৈ আগবাঢ়িলো । একা বেকা ৰাস্তাৰ দাতিত এটা দুটা বান্দৰ দেখা পাইছিলো , আমেজ লৈ গৈ আছো লাহে লাহে ।বেলি লহিয়ালে , মনতে ভাবিলো এঘৰ মানুহ লগ পালে ভাল আছিল ৰাতিতো তাতেই কটায় আকৌ দ্বিতীয় দিনাৰ কাৰনে যাত্ৰা কৰিম ।
নিশা নামি অহাত মানুহৰ সমাগম ৰাস্তাত একেবাৰে নাছিল , হঠাৎ চাকিৰ পোহৰ এটা আমাৰ চকুত পৰিছিল , ধীৰে ধীৰে চাকিৰ পোহৰৰ ফালে গৈ দেখিলোঁ চাকিটো আছিল তুলসীৰ তলৰ । ভাল লাগিল পৰিৱেশটো । চাকিৰ পোহৰতে সৰুকৈ জুপুৰী ঘৰ এটা দেখিলোঁ , আমি ভাবিলো দুৱাৰত টুকুৰাই ভিতৰত থকা জনক মাতি দিয়ো , এনেতে আমাৰ কথোপকথন শুনি ভিতৰৰ পৰা দুৱাৰ খন খুলি হাতত কেৰাচিন তেলৰ চাকি এটা লৈ ওলাই আহিল বুঢ়ী মাঁ এজনী পিছে পিছে তেওঁৰ স্বামী । আমাক ভিতৰলৈ মাতি নি আমাৰ বিৱৰন ললে ,আমি কলো যে পাহাৰী মানুহবোৰ কেনেকৈনো জীৱন নিৰ্বাহ কৰে সেইটো জানিবলৈ বুজিবলৈ আহিছোঁ ।
বুঢ়া বুঢ়ী হালে আমাক বহুত উচ্ছাহ দি কলে ভাল কথা চহৰীয়াবোৰে লাহ বিলাসত ডাঙৰ দীঘল হৈ চহৰীয়া কথাহে বুজি পায়, আমাৰ নিচিনা মানুহৰ কথা চিন্তা কৰিবলৈ আহৰি নাথাকে ,তোমালোক যে আহিছা বহুত বহুত ধন্যবাদ থাকিল । এতিয়া শুই থাকা ৰাতিপুৱা যাত্ৰাটো আমিওঁ তোমালোকৰ লগতে কৰিম যিমান পাৰো সহায় কৰিম ।
পিছদিনাখন আমাৰ লগতে বুঢ়া বুঢ়ী হালো ওঁলাই আহিলে , গোটৈই ৰাস্তাত কৈ কৈ আহিছে খোৱা পানীৰ বহুত অভাৱ নিজৰাৰ পানী খাব লাগে ।খাদ্য সামগ্ৰী বোৰ বহুত দূৰৈৰ পৰা আনিব লাগে ।সৰুকৈদোকান এখন আছে তাৰ পৰা লৈ যাওঁ । শাক পাচলি ঘৰতে ৰুই খাওঁ ফল মূলবোৰ পাহাৰৰ পৰা পাওঁ । সৰুতে সিহতে স্কুল দেখা নাই বুলি কলে তাৰমানে পঢ়া শুনা নাজানে ।এতিয়া চৰকাৰে এখন দুখন স্কুল স্থাপিত কৰিছে ,লৰা ছোৱালী বোৰ গৈ শিক্ষা লয় ।
বহুত দূৰ অহাৰ পিছত আমি কলো যে বহুত দূৰ আহিলো আপোনালোক এতিয়া আৰু যাব নালাগে ,তেতিয়া বুঢ়ী মাজনীয়ে কলে আৰু ওলপ দূৰ গলে সম্বন্ধীয় মানুহ পাম , তাতে ৰাতিটো কটাই তহঁতক সিহঁতৰ লগত গতাই দি আমি উভতিম আৰু তহঁতে সিহঁতৰ লগতে যাত্ৰা কৰিবি ।
আমাৰ বহুত ভাল লাগিল, পিছদিনাখন আমাক জঙ্গল দেখুৱাবলৈ লৈ গ'ল পাহাৰৰ মাজে মাজে কিছুদুৰ যোৱাৰ পিছত নামনিত নৈ এখন দেখিলো , নৈখনত মানুহবোৰে মাছ ধৰি আছে ,আমিওঁ গৈ সিহতৰ লগতে মাছ ধৰিবলৈ শিকিলো । মানুহখিনি আমাৰ লগত চিনাকি হৈ আমাৰ কথা বোৰ শুনি বুজী লৈ কলে যে বলক আমাৰ ঘৰতে এসাজ খাম , আমাৰ বহুত ভাল লাগিল , তাতে ভাত সাজ খাই আহিবলৈ ওলাওঁতে তেওঁলোকে কলে , নিশাটো ইয়াতে কটাওঁক কালি যাত্ৰা একেলগে কৰিম ।
ৰাতিটো তাতেই কটায় যাত্ৰা আৰম্ভ কৰিলোঁ , হঠাৎ পাহাৰৰ ওঁপৰলৈ চকু গ'ল দেখিলোঁ ছাগলীবোৰ কি যে ওস্তাদ ওঁপৰলৈ পাহাৰ বগাই বগাই ঘাঁহনিৰ সোৱাদ লৈ গৈ আছে, সুন্দৰ পৰিবেশ । বহুত ওঁপৰত এটা দূৰ্গা মন্দিৰ দেখিলো , লগৰজনে আমাক শুধিলে মন্দিৰ দৰ্শন কৰিব নেকি ? আমি কৰিম বুলি কলো । সাধাৰণতে ভাৰতবৰ্ষৰ মাতা মন্দিৰ ওপৰতে থাকে । অসমৰ কামাখ্যা মাতা মন্দিৰ নীলাচল পাহাৰত বিখ্যাত মন্দিৰ , দেৱীৰ মন্দিৰবোৰ ওখ পাহাৰতে দেখা পোৱা যায় ।
মন্দিৰ দৰ্শন কৰিলো , মনতে ভাবিলো পাহাৰীয়া মানুহৰ আদৰ সাদৰ চহৰীয়া মানুহতকৈ বহুত ভাল।মানুহবোৰে খানা খৰিৰ জুইত বনায় নিশা ভয় ভয় কৈ থাকে জঙ্গলী জীৱ জন্তুৰ কাৰণে , কেতিয়া হাতী ওলাই ঘৰ দূৱাৰ ভাঙি খাদ্য সামগ্ৰীবোৰ খাই শেষ কৰি যায় গম নাপায় ।
বহুত ঘনকুৱলী দেখিলো ইফালৰ মানুহ সিফালৰ পৰা দেখা পোৱা নাযায় , কেতিয়াবা কেতিয়াবা বৰষুণ বেছি হ'লে ওঁখ পাহাৰৰ ওঁপৰত থকা ঘৰবোৰ খহি মাটিত পৰি মানুহৰ মৃত্যু ঘটে ।
এনেকে গৈ থাকোতে বিয়াৰ দৰা এজন দেখিলোঁ, বহুত মানুহ দৰাৰ লগত আহিছে , সকলোৰে হাতে হাতে একোটা ছাটি ,পাহাৰৰ মাজত কেতিয়া বৰষুণ হয় কোনেওঁ গম নাপায় । যিয়ে নওঁক পাহাৰৰ মানুহবোৰ বহুত সুখী হাই কাজিয়া দেখা নাপালো , কেতিয়াবা এখন দুখন কাজিয়া হ'লেও সমাজত মিট মাট হয় । পাহাৰী মানুহবোৰৈ এনেকৈয়ে জীৱন নিৰ্বাহ কৰে , মানুহবোৰৰ বেমাৰ একেবাৰে নাই শুদ্ধ অক্সিজেন পায় গছ গছনিৰ পৰা । ৰাতিপুৱা হলেই চৰাইৰ মধূৰ সূৰ শুনিবলৈ পায় , মানুহ বোৰ বহুত সহায়কাৰী হয় ।
যিয়ে নহওঁক আমি পাহাৰৰ যাত্ৰাটোত বহুত শিকিলো , মানুহ পৰোপকাৰী হব লাগে ইজনে সিজনৰ প্ৰতি সহায়ৰ হাত আগবঢ়াব লাগে , গছ গছনি কাটিব নালাগে , জীৱ জন্তক আদৰ সাদৰ কৰিব লাগে ।
যাত্ৰা শেষ কৰি সকলোকে ধন্যবাদ জনাই আমি ঘৰমূৱা হলো । বহুত শিকিলো বহুত বুজিলো কেতিয়াবা আকৌ যোৱাৰ আশা থাকিল ।
অঞ্জলী
অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।
A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star