logo
Go back to read more blogs!

আধৰুৱা চিঠি

cover image

এটি সুন্দৰ দোকমোকালি অৰুণৰ আভা মেঘ জাকৰ মাজেৰে মাৰিলে ভুমুকি , গছৰ ডালে ডালে চৰাইয়ে কিৰিলি মাৰি অৰুণক জনালে সম্ভাষণ ,এটি সুন্দৰ নতুন দিনৰ নতুন ৰাতিপুৱা মই আৰু মোৰ husband দৈনিক ৰুটিনমতে খোজ কাঢ়িবলৈ ওলাই গলো । বৰ্তমান মানুহবোৰ ইমানেই ব্যস্ত যে হাতত mobile টো নহলে কেনিও ওলাই নেযায় , আনকি toilet গলেওঁ mobile লৈ যায় । যিয়ে নহওঁক আমিও হাতত mobile টো লৈ ওলালো । ৰাস্তাত গৈ থাকোঁতে দেখিলোঁ মানুহ এজনে ফোন কৰি কৰি খোজ কাঢ়ি গৈ আছে । এখেতক মই কলো মানুহৰ ব্যস্ত জীৱন ৰাতিপুৱা উঠিয়ে আৰম্ভ হৈ যায় , শান্তিত খোজকনো কাঢ়িব নোৱাৰে , আগৰ মানুহবোৰেনো কি কৰিছিল ? বহুত শান্তিত আছিল এখন চিঠি বহুত emergency হলে telegram দিছিল । এতিয়া অৱশ্যে ভাল হৈছে সময়ৰ খবৰ সময়মতে পাই থাকে । দূৰৈত থকা সন্তানৰ খবৰ লোৱা সহজ হৈ পৰিছে । কথা পাতি খোজ কাঢ়ি আহি ঘৰ পালোহি । গা মুৰ ধুই গোসাই পূজা কৰি চাহ খাবলৈ বহিলো , সম্মুখত TV টোৰ বাতৰি চালো , বাতৰিত দেখিলোঁ এহাল মাক বাপেকে নিজৰ সন্তানৰ দুখৰ কথা media ৰ আগত প্ৰকাশ কৰিছে । লৰাটো Hostel ত থৈ পঢ়াবলৈ পঠাইছিল যিহে regging ৰ উৎপাত লৰাৰ অবস্থা নাইকীয়া হৈছে । মনতে ভাবিলো mobile ৰ কাৰণে লৰাটোৰ প্ৰাণ বাচিলে , সময়ৰ খবৰ সময়ত মাক বাপেকক দিব পাৰে বা লৈ থাকিব পাৰে ।এনেকৈ চাহ নাস্তা খাই শেষ কৰিলো । মনতে বহুত ভাব আহিল আজিৰ পৰা কিছু বছৰ আগতে মানুহৰ হাতে হাতে mobile ফোন নাছিল কিমান যে চিন্তা আছিল দূৰৈত থকা লৰা ছোৱালীৰ কাৰণে মাক বাপেকৰ । এনেকৈ ভাবোতে মনলৈ বহুত পূৰণা গাওঁৰ কথা মনত পৰি গ'ল । মনতে ভাবিলো কাহিনী এটি লিখো। মনত পৰোতেই কথাটো কাহিনী আকাৰত লিখি সমাজৰ বুকুত সিঁচৰতি কৰো । এটি দুৰ্ভগীয়া পিতৃৰ কাহিনী । তেতিয়া হলে আহক কাহিনীটো লিখো ।


ঘৰুৱা সম্বন্ধৰ মানুহ এঘৰলৈ‌ ফুৰিবলৈ গলো , মানুহঘৰ বহুত শিক্ষিত হয় , ঘৰৰ মুল মানুহজনক বৰদেউতা বুলি মতিছিলো বয়সস্থ ভদ্ৰ মানুহ ।এতিয়া তেখেতৰ কথা কৈ যাওঁ । নাম আছিল তেখেতৰ হৰেন । হৰেন বাগানৰ ডাক্তৰ আছিল , retirement ৰ পিছত তেওঁ কোম্পানীৰ আৱাস এৰি নিজ ঘৰ গাওঁলৈ উভতিল । তিনি সন্তানৰ পিতৃ হৰেন বহুত সুখী । তিনিওটা সন্তান বাহিৰতে থাকি চাকৰি কৰে । ঘৈনীয়েক মিনতিৰ লগত তেখেত অকলে গাঁওৰ‌ঘৰতে জীৱন অতিবাহিত কৰিছিল ।


আমি তেখেতৰ ঘৰ গৈ পালো । বহিবলৈ দিলে বৰমা মিনতিয়ে , চাহ জলপানৰ যোগাৰ ধৰিলে আমি খালো বৰদেউতা হৰেনে আমাক তেখেতৰ ৰুমলৈ মাতি নি কবলৈ ধৰিলে তোমালোকক আজি মোৰ আধৰুৱা চিঠি এখন দেখুৱাম । মোৰ লগত দাদা আছিল আমি সহজতে সন্মত হৈ তেওঁৰ ৰুমলৈ গলো । কাহিনীটো কোৱাৰ মাজতে আপোনালোকক এটা কথা কওঁ যে তেখেতৰ ডাঙৰ লৰাৰ কাহিনী আমি একো নাজানো । যিয়ে নহওঁক আমি তেখেতৰ পিছে পিছে ভিতৰলৈ গলো । টেবুল খনৰ লগতে লাগি থকা বিছনাখনতে বহিবলৈ দিলে আমি দুজনকে । টেবুল খনত বহুতো file আছে , file ৰ মাজৰ পৰা এখন বহুত পূৰণা আধা লিখা চিঠি এখন উলিয়াই কান্দি কান্দি পঢ়িবলৈ ধৰিলে । আমি একো বুজি পোৱা নাই বুলি কলো , তেতিয়া তেখেতে চিঠিখনৰ কাহিনীটো কবলৈ ধৰিলে । আহক আপোনালোকেওঁ মনোযোগেৰে শুনি যাওঁক ।


বৰদেউতাৰ কথা ..আজিৰ পৰা ইমান বছৰ আগত mobile ফোন নাছিল , লৰাৰ খবৰ লবলৈ চিঠিৰে আদান প্ৰদান কৰি খবৰ লৈছিলোঁ । সেইদিনাখন ৰাতিপুৱা বাবা লৈ বৰকৈ মনত পৰিল মই এওঁক কলো চিঠি এখন বাবালৈ লিখো , মিনতি সন্মত হ'ল , দুয়োজনে বহি চিঠিখন লিখি থাকোঁতে জপনা খন খুলি মানুহ এজন সোমাই আহিল মনতে আমি দুইজনে ভাবিলো বাবাৰ চিঠি আহিছে চাগে পিয়ন আহিছে , এনেকৈ ভাবি বাবালৈ আধালিখা চিঠিখন এৰি দৌৰ মাৰিলো জপনালৈ । দেখিলো মানুহজন পিয়ন নহয় কিবা কওঁ নকওঁ কৰি মোক শুধিলে লৰাটোৰ নামটোলৈ এইটো তেখেতৰ ঘৰ হয়নে ? আমি দুইজনে কলো হয় । তাৰপিছত মানুহজন ৰাস্তাৰ দাতিলৈ ট্ৰাকখনৰ ওচৰলৈ গৈ ট্ৰাকখন চোতাললৈ সোমাই দিলে । এনেকৈ কৈ কৈ বৰদেউতা চিঞৰি চিঞৰি কলে যে মোৰ চিঠিখন আধৰুৱা হৈ ৰল মোৰ বাবাৰ dead body লৈ আহিছে ।


তেতিয়া বৰমাজনীয়ে কলে এইচিঠিখন যিয়ে আমাৰ ঘৰলৈ আহে তাকে দেখুৱাই। ১০ টা বছৰে চিঠিখন সযতনে ৰাখিছে বাবালৈ বুলি লিখা চিঠিখন । আমি বৰমাক শুধিলো তেওঁৰ কি হৈছিল ? তেতিয়া বৰমাজনীয়ে কলে ৰাতি খাই বৈ শুই আছিল , লগৰবোৰে ৰাতিপুৱা দেখিছে যে তেওঁ বিচনাতে মৰি আছে‌ । ডাক্তৰে post-mortem কৰি কলে যে তেওঁৰ heart attack হৈছিল । এখেত তেতিয়াৰ পৰা পগলাৰ নিচিনা হৈ গ'ল আৰু আধালিখা চিঠিখন সকলোকে দেখুৱাই। আমি‌ বৰদেউতা বৰমা দুইজনকে সান্ত্বনা দিলো , কিছুসময় বহি ঘৰমুৱা হলো । মনতে ভাবিলো তেতিয়াৰ দিন আৰু আজিৰ দিন কি পাৰ্থক্য। Mobile ফোনতে তৎক্ষণাৎ খবৰ পায় । মাক দেউতাকৰ ওচৰত তেনেকৈ dead body হাজিৰ কৰাব নালাগে । কি যে জীৱন মানুহৰ বহুত দুখ লাগিল কাহিনীটো লিখি থাকোঁতে চকুৰ পানী ওলাই গ'ল , আপোনালোকৰো‌ চাগে হৈছে তেনেকুৱা । কাহিনী ৰূপ দিছোঁ যদিওঁ একেবাৰে সত্য কাহিনী । কাহিনীটো লিখি এওঁৰ লগত আলোচনা কৰিলো মানুহক দেখিলে একো ধৰিব নোৱাৰে সুন্দৰ কাপোৰ কানি কিন্তু ভিতৰখন কোনে খুলি চাব কাৰ অন্তৰত কাৰ কিমান দূখৰ কাহিনী সোমাই আছে ?

profile

অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।

A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star

Keep in touch