logo
Go back to read more blogs!

উপাৰ্জন

cover image

এটি সৰু সুখী পৰিয়ালৰ সন্তান যোগেশ চৰকাৰী স্কুল এখনত চাকৰি কৰিছিল । মাক বাপেকে চাকৰি পোৱাৰ পিছতে বিয়া পাতি দিছিল যোগেশৰ । বিয়াৰ এবছৰ পিছতে তেওঁৰ সন্তান এটি উপজিল , যোগেশৰ সন্তান ৰাহুল ধীৰে ধীৰে ডাঙৰ হৈ আহিল , ৰাহুল স্কুল যাবলৈ আৰম্ভ কৰি দিলে , এদিন হঠাৎ যোগেশৰ পত্নীৰ আকস্মিক বিয়োগ হ'ল । ঘৰ খনত নানান ধৰনৰ অথন্তৰে দেখা দিলে । কণমানি ৰাহুল মাতৃ অবিহনে ডাঙৰ দীঘল হ'ল। ৰাহুল উচ্চ শিক্ষাৰে শিক্ষিত হ'ল । পিতৃ যোগেশ চাকৰিৰ পৰা অৱসৰ ললে । ৰাহুলৰ পিতৃয়ে মনতে ভাবিলে লৰাটোৱে যদি চাকৰি এটা পাই বিয়া খনকে পাতি দিম , লৰাটোৱে বহুত কষ্টত ডাঙৰ দীঘল হৈছিল , সিয়ো অলপ সুখ পাব আৰু ময়ো বুঢ়া হৈ আহিছো , ঘৰত বোৱাৰী এজনীৰ বহুত দৰকাৰ হৈ পৰিছে ।


কলেজত পঢ়ি থাকোতে ৰাহুলৰ এজনী বান্ধবী আছিল একে ক্লাচতে পঢ়িছিল , এদিন চাহ খাবলৈ চাহৰ দোকান এখনলৈ ওলাই গ'ল , দুইজনৰ মাজত বহুতো কথা বতৰা পাতিলে , কথাৰ মাজতে ৰাহুল মাউৰা বুলি কথাটো ওলাই পৰিল । বহুত দুখত মাক অবিহনে কেনেকৈনো দেউতাকে তাক ডাঙৰ দীঘল কৰিলে সেইবোৰ কথা কৈ দেউতাকক সি বহুত ধন্যবাদ দি থাকে । এদিন তাৰ বান্ধবী মঞ্জুৱে তাইৰ মাকৰ আগত কথাটো ক'লে যে তাইৰ বন্ধু ৰাহুলৰ মাক নাই । মঞ্জুৰ মাকে কলে কেতিয়াবা লৰাটোক লৈ আহিবি আমাৰ ঘৰলৈ বেচেৰা ৰাহুলটোলৈ দুখ লাগে । মঞ্জু সম্ৰান্ত ঘৰৰ একমাত্ৰ ছোৱালী , বাপেকৰ ডাঙৰ ব্যৱসায় আছে , ঘৰখনত টকা পইচাৰ অভাৱ নাই । ৰাহুল আৰু মঞ্জুৰ মাজত ভাল সম্পৰ্ক এটি গঢ়ি উঠিল দুইজনে কলেজীয়া জীৱনতে আনন্দেৰে উপভোগ কৰিছিল । এদিন মঞ্জুৰ মাকে ৰাহুলৰ কথাটো গিৰিয়েকক কলে যে ৰাহুলৰ লগত কথা বতৰা হবচোন বহুত ভাল লৰা , আপোনাৰ যদি আপত্তি নাই তাৰ লগতে মঞ্জুৰ বিয়াখন পাতিম । মঞ্জুৰ বাপেকে ৰাহুলৰ লগত কথা বতৰা পাতি ভাল পালে আৰু ঘৈনীয়েকক কলে যে সময় আহিলে আমি দুইঘৰ মিলি কথা বতৰা পাতিম ।


কলেজ শেষ হল দুইজনে উচ্চ শিক্ষাৰে শিক্ষিত হ'ল । ৰাহুল ঘৰলৈ ঘূৰি আহিল , মঞ্জু আৰু ৰাহুলৰ মাজত ফোনত কথা বতৰা চলি থাকিল , সময় বাগৰি গৈ থাকিল ৰাহুলৰ চাকৰি নাই , বহুত ঠাইত পৰীক্ষা দিলে চাকৰিৰ সম্ভেদ নাই । ৰাহুলৰ বাপেক যোগেশ বহুত চিন্তিত হৈ পৰিল , ডাঙৰ ব্যৱসায় কৰিবলৈ হাতত সিমান টকা নাই লৰাটো ডাঙৰ হ'ল , বিয়া পাতিব লাগে , মই কেতিয়া মাকৰ নিচিনা গুচি যাওঁ কব নোৱাৰো , নানান চিন্তাই আৱৰি পেলালে যোগেশৰ মন । এদিন ৰাহুল পানবজাৰৰ ফালে ওলাই গ'ল , একো কাম নাই কি কৰে কি নকৰে এইবোৰ ভাবি ভাবি অলপ ঘৰুৱা বজাৰ কৰিম বুলি দেউতাকক কৈ ওলাই গ'ল । সেইদিনা সোমবাৰ আছিল মানুহবোৰ শুক্লেশ্বৰ মন্দিৰৰ ফালে গৈ আছে হাতত ফুলৰ কৰণি এটা লৈ । সৰুতে আইতাকৰ মুখত শুনিছিলে ভগৱানৰ আশীষ ললে সকলো কামে সিদ্ধ হয় । মনতে ভাৱিলে আইতাৰ লগত আগতে মন্দিৰ বহুত আহিছিলো , মাঁ নাছিল সেয়েহে আইতাই মন্দিৰৰ আশীষ লৱলৈ প্ৰায়ে মোক লগত লৈ আহিছিল , হয়তো আইতাৰ কৃপাতে আজি দেউতা আৰু মই ইমান খিনি সংগ্নাম কৰি জীয়াই আছোঁ ।


ৰাহুল সোমবাৰে মন্দিৰ যোৱা আৰম্ভ কৰি দিলে শিৱৰ আশীষ লৱলৈ , কিজানি চাকৰি এটি লাগি যায় যত্নৰ ত্ৰুতি কৰা নাই কেতিয়াওঁ। ইফালে কলেজৰ বান্ধবী মঞ্জুলৈ চিন্তা মাক দেউতাকৰ ছোৱালীৰ বয়স বাঢ়ি গৈ আছে বিয়া দিব লাগে , আনফালে ৰাহুলৰ চাকৰি নাই ডাঙৰ ব্যৱসায় এটা হাতত নাই কেনেকৈ বিয়া দিয়ে । এদিন ৰাহুলক মাতি আনি কথাটো কলে যে মঞ্জুৰ বিয়া ডাঙৰ ব্যৱসায় এজনৰ লগত ঠিক কৰিলে । মঞ্জু আৰু ৰাহুল মাক বাপেকৰ কথাত সম্মতি প্ৰকাশ কৰি কলে যে আমি আগলৈ ভাল বন্ধুত্ব গঢ়াই তুলিম । ৰাহুলে কলে একো এটা হাতত নথকালৈকে সংসাৰ কৰা অসম্ভৱ । মঞ্জুৰ বিয়া ধুম ধামেৰে হৈ গ'ল ।


বছৰ বাগৰি গৈ থাকিল ৰাহুলৰ চাকৰি নাই ,ভগৱানৰ আশীষ কিমান দিন অপেক্ষা কৰি থাকিব ? এনেকৈ এদিন মন্দিৰৰ ফুটপাথটোতে বহি ফুলৰ দোকান খনলৈ চাই বহি আছে । দোকান খনৰ পৰা সদায় ফুল বেলপাত লৈ মন্দিৰলৈ যায় , দোকান খনৰ যথেষ্ঠ ভীৰ হয় , লৰাটোৰ বহুত উপাৰ্জন হয় চাগে , মনতে ভাবি ফুল আনিবলৈ গৈ লৰাটোক শুধিলে ভাইটি তোমাৰ ঘৰ কত ? ঘৰত কোন কোন আছে এনেকৈ নানান কথা বতৰা পাতিলে । লৰাটোৰ কথা বতৰাত গম পালে যে লৰাটোৰ ঘৰখন ফুলৰ উপাৰ্জনেৰে চলি আছে , সুন্দৰ উপাৰ্জন হয় , অকল মন্দিৰতে নহয় বিয়া সৱাহ মেল মিটিঙতো ফুলৰ দৰকাৰ হয় । সেইবোৰত তেওঁ অৰ্দাৰ লয় আৰু কয দামত কিনি বেছি দামত বেছি দিয়ে । তাৰোপৰি অলপতে নাৰ্চাৰী এখন খুলি মানুহ লগাই দিছোঁ , এতিয়া প্ৰায়ে মোৰ দোকানৰ ফুলবোৰ মোৰ নাৰ্চাৰীৰে হয়। চোৱা-চিতা কৰা কাৰনে মানুহ ৰাখি দিছোঁ দৰমহা দিওঁ মানুহবোৰক । কথাবোৰ শুনি ৰাহুলৰ ভাল লাগিল ফুল এপাহ লৈ ভগৱানৰ আশীষ লৈ ঘৰমূৱা হৈ ভাত পানী খাই বাপেকৰ লগত কথা পাতিলে যে তেওঁ আৰু চাকৰিৰ সন্ধান নকৰে ব্যৱসায় কৰিব । দেউতাকক সকলোবোৰ কথা বিৱৰি কলে যে ইমান বছৰে ফুল কিনি কিনি মন্দিৰৰ আশীষ লোৱা ফুলৰ ব্যৱসায় জনৰ পৰা বহুত শিক্ষা পালো আৰু মন্দিৰৰ ওচৰতে দোকান এখন দিম । দেউতাক সম্মত হ'ল আৰু কলে যে ধৈৰ্য্য সহকাৰে কাম কৰি গ'লে জীৱনৰ সকলো কামতে উন্নতি কৰিব পাৰি । যি পাৰো টকাৰ সহায় মই কৰি দিম এনেকৈ দেউতাকে কলে ৰাহুলক । ৰাহুলৰ মনতো ভাল লাগিল আৰু ফুলৰ ব্যৱসায় আৰম্ভ কৰি দিলে , বহুত ভীৰ হয় ৰাহুলৰ দোকানখনত ছোৱালীবোৰ বেছিকৈ যায় তাৰ দোকানলৈ শিক্ষিত লৰা কথা বতৰা স্বভাৱ চৰিত্ৰ বহুতে ভাল , এনেকৈ চলি থাকিল ৰাহুল , মনটো ভাল হৈ আহিল কিন্তু মন্দিৰলৈ সদায় যায় আশীষ লৱলৈ ভাল লগৰী এজনী লাগে সুখৰ সংসাৰ এখন গঢ়িবলৈ টকা পইচাৰ অভাৱ একেবাৰেই নাই।


ৰাহুলৰ দোকানলৈ ছোৱালী এজনী প্ৰায়ে আহে ফুল বেলপাত ল'বলৈ শিক্ষিত ছোৱালী চাকৰি এটা লাগে , খেতি কৰি পোহপাল দি পঢ়া শুনা কৰি ডাঙৰ দীঘল কৰিলে দেউতাকে এতিয়া দেউতাকক তাই চাব লাগ চাকৰি এটা পালে সকলো ঠিক হৈ যাব বুলি মনতে আশা লৈ ভগৱানৰ ওচৰলৈ আহে । এনেকৈ ৰাহুলৰ দোকানলৈ আহোতে আহোতে দুইজনৰ মাজত মধূৰ সম্পৰ্ক গঢ়ি উঠিল । ৰাহুলৰ সকলোবোৰ কথা গম পালেই তাই । এনেকৈ দুইজনে সদায় মন্দিৰলৈ যায় আৰু আশিৰ্বাদ লয় শিৱৰ।


এদিন ৰাহুলে বান্ধবী দীপাক শুধিলে , মোৰ ওচৰত চাকৰি এটা আছে কৰিবা নেকি ? দীপাই চাকৰিৰ উম ললে , ৰাহুলে কৈ গ'ল অৰ্দাৰ লব লাগে ফুলৰ মানুহৰ অভাৱৰ কাৰণে অৰ্দাৰ লৱ পৰা নাই দৰমহা দিম তোমাক। তাই কথাটো দেউতাকক শুধিলে আৰু কামটো আৰম্ভ কৰি দিলে আৰু দুইজনৰে বহুত উপকাৰ হ'ল । এনেকৈ দুইখন ঘৰৰ মাজত মধূৰ সম্পৰ্ক গঢ়ি উঠিল । এদিন হঠাৎ দীপাই দুডাল ফুলৰ মালা হাতত লৈ ৰাহুলক কলে বোলা মন্দিৰলৈ , দীপাই দুইজন দেউতাককে কথাটো কৈ থৈছিল , ৰাহুলে মাত্ৰ নেজানিছিল কথাটো । ধীৰে ধীৰে মন্দিৰৰ ফালে আগবাঢ়ি সেৱা জনালে আৰু দীপাই ৰাহুলক কলে মোক তুমি বিয়া পাতিবা ? তেতিয়া ৰাহুলে কলে দেউতাক কথাটো শুধা ভাল হব , দেউতাই মোক বহুত কষ্টত ডাঙৰ দীঘল কৰিছে তেওঁ মোৰ মাঁ আৰু দেউতা । তেতিয়া পিছফালৰ পৰা দীপা আৰু ৰাহুলৰ দেউতাক আহি আগত থিয় হৈ কলে মাল্যদান কৰা ইজনে সিজনে , কলে আমাৰ আশীৰ্বাদ সদায় তোমালোকৰ লগত । শুকলমে বিয়াখন হৈ গ'ল । কিছুদিন পিছত দুইজনৰ মাজলৈ এহাল লৰা ছোৱালী আহিলে , সিহতক ডাঙৰ দীঘল কৰি ডাঙৰ ব্যৱসায়ত আগবঢ়ায় দিলে । ৰাহুলৰ আগৰ বান্ধবী মঞ্জু আৰু দীপা বাই ভনীৰ নিচিনা সম্বন্ধ বনায় ললে ।

profile

অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।

A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star

Keep in touch