logo
Go back to read more blogs!

পথচাৰী

cover image

হৰেনে গাওঁৰে প্ৰাথমিক স্কুল এখনত কাম কৰে। দেখিবলৈ সুন্দৰ হৰেনৰ চাকৰি কৰা সময় হ'ল , বাপেকৰ চিন্তা লৰাৰ বিয়া খন পাতিব লাগে , এদিন দেউতাক নৰেনে হৰেনক ওচৰলৈ মাতি আনি কলে বোপাই তোৰ বিয়া খন পাতিব লাগে। হৰেনে সম্মতি প্ৰকাশ কৰিলে। ঠিক আছে বুলি কৈ থলে দেউতাক নৰেনে। এদিন নৰেনে পুতেক হৰেনক কলে বোপা হৰেন অহা মাহত আমাৰ সম্বন্ধীয় মানুহ এঘৰৰ বিয়াৰ নিমন্ত্ৰণ দিছে , যাব পাৰিবা নেকি ? হৰেনে স্কুল ছুটিৰ পিছত যাম বুলি কলে। বিয়াখন আহি পালেহি, হৰেনে বিয়াখনৰ নিমন্ত্ৰণ ৰক্ষা কৰিলে। নিজৰে সম্বন্ধীয় ককায়েকৰ বিয়া সেয়েহে সকলোৱে তেওঁক দৰা পাৰ্টিৰ লগত যাবলৈ বৰকৈ ধৰিলে। অমায়িক হৰেন হাঁহি মাৰি যাম বুলি ক'লে। বিয়া ধুমধামেৰে হৈ গ'ল। হৰেন বিয়া খাই ঘৰলৈ গুচি আহিল । হৰেনে , নিয়মিত ৰূপে অহা যোৱা কৰিবলৈ ধৰিলে স্কুললৈ।


কিছুদিন পিছত হৰেনৰ ঘৰলৈ আলহী এঘৰ আহিল ফুৰিবলৈ। আলহীয়ে চাহ পানী খাই আলোচনাত বহিল নৰেনৰ লগত। কবলৈ ধৰিলে যে তোমাৰ পুত্ৰ হৰেনৰ বিয়াৰ বয়স হৈছে বিয়া নেপাতে নেকি? তেতিয়া নৰেনে হাঁহি মাৰি কলে পাতিম ,পাতিব লাগে এই কথাটো হৰেনক কৈছো ,ভাল ছোৱালী এজনী পালে বিয়া খন হব লাগে। তেতিয়া আলহীয়ে কলে যে তোমাৰ লৰা হৰেন কিছুদিন আগতে বিয়া এখনলৈ গৈছিল , তাতে লৰাটো বহুত পচণ্ড কৰিছে মোৰ ছোৱালী মিনতি তাইৰো বিয়াৰ সময় হৈছে। স্কুল এখনত শিক্ষকতা কৰি আছে মিনতি সময় হলে আপোনালোকে হৰেনক লৈ ছোৱালী চাই আহিব পাৰে। আলহী গ'ল, নৰেনে পুতেক হৰেনক লগ ধৰিলে ছোৱালী চাবলৈ, হৰেনৰ ছোৱালী পচণ্ড হল। সময়মতে মিনতি আৰু হৰেনৰ বিয়াখন ধুমধামেৰে হৈ গ'ল।হৰেনে মিনতিক transfer কৰি নিজৰ স্কুল খনলৈ আনিলে। দুইজনে আৰামত স্কুল অহা যোৱা কৰিলে।হৰেনৰ দেউতাক নৰেন বুঢ়া হৈ আহিল। এদিন অকস্মাতে নৰেন ঢুকাই থাকিল। ঘৰখনৰ দায়িত্ব হৰেন আৰু মিনতিৰ ওপৰতে পৰিল।


হৰেন আৰু মিনতিৰ সংসাৰলৈ তিনিটা সন্তান আহিল। তিনিওটা সন্তান ডাঙৰ দীঘল হ'ল। সিহতক পঢ়া শুনা কৰাই ডাঙৰ কৰিলে। হৰেন আৰু মিনতি স্কুলৰ পৰা অৱসৰ ললে। লৰা ছোৱালী ডাঙৰ হ'ল বিয়া কেনেকৈ পাতে নানান চিন্তা। সৰু ছোৱালী জনী আগলৈ পঢ়া শুনা কৰিব খুজিছে, কিন্তু ঘৰৰ পৰা দুৰৰ কলেজত কেনেকৈ পঢ়াব।এইবোৰ চিন্তা অৱসৰ লোৱা শিক্ষক হৰেন আৰু মিনতিৰ লাগি থাকে। ডাঙৰ লৰা ছোৱালীৰ বিয়া পাতি দিলে । থাকিল সৰু ছোৱালী নাম তাইৰ বিজু। এদিন হৰেনে বিয়া এখন নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ ওলাল ,বিয়াখন ঘৰৰ পৰা দূৰৈত আছিল।বাছেৰে যাব লাগে,আৰু বাছৰ পৰা নামি গাওঁৰ মাজলৈ যাব লাগে। হৰেন বাছৰ পৰা নামিল। কিন্তু বিয়াখন কেনেকৈ পাব?ৰাস্তা চিনি নেপাই , মনতে ভাবিলে মানুহক শুধি শুধি গৈ থাকিম। কাহিনীৰ দ্বিতীয় খণ্ড ..
এতিয়া কাহিনীটোয়ে বেলেগ মুৰ লৈছে মনোযোগেৰে পঢ়ি যাব। আগৰ দিনত স্কুল কলেজ খোজ কাঢ়িয়ে অহা যোৱা কৰিছিলো। মোৰ কলেজ শেষ হোৱাৰ পিছত মাষ্টাৰ ডিগ্ৰীৰ কাৰণে গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়িম বুলি ভাবিছিলো কিন্তু হৈ নুঠিল। সেয়েহে মই সময় নষ্ট নকৰি stenographer পঢ়িম বুলি মন কৰিলো। আপোনালোকক এটা কথা কওঁ যে তেতিয়া computer ৰ দিন নাছিল। অফিচৰ কিছুমান কাম stenographer য়ে short hand ত লিখি type কৰি উলিয়ায় দিয়ে। demand বহুত, সেয়েহে মই দুবছৰীয়া course টো দিনত কৰি night ত MA ৰ কাৰণে চিন্তা কৰিছিলো। মই steno ত admission ললো। ঘৰৰ পৰা খোজ কাঢ়িয়ে অহা যোৱা কৰো , দুপৰীয়া সময় ৰাস্তাত মানুহ একেবাৰে নেথাকে। সেয়েহে মোৰ বান্ধবী এজনীয়ে সদায় বাৰী খন ভায়েকৰ লগত আগুৱাই থৈ আহে।


এতিয়া আহিছোঁ বিয়া খাবলৈ অহা হৰেনৰ কথালৈ ..জেঠৰ মাহ গৰম বহুত। হৰেনে বাছৰ পৰা নামি চাটিটো মুৰৰ ওপৰত লৈ লাহে লাহে আহি আছে। বয়সীয়াল মানুহ দেখি মনতে ভাবিলো বাৰীখন তেখেতৰ লগতে পাৰ হম। চাই থাকোতে মানুহজনে ৰাস্তা ললে। মই মোৰ বান্ধবী নিৰলাক কলো আজি তোমালোকে মোক থব যাব নেলাগে এই মানুহজনৰ আগে আগে গৈ থাকিম,সিহত সম্মত হ'ল।মই আগবাঢ়িলো .. পিছৰ পৰা বয়সীয়াল মানুহজনে মোক মাতিলে , আই তোৰ ঘৰ ক'ত? কি কৰা কি পঢ়ি আছা ? মই উত্তৰ দিলোঁ , তাৰ পিছত তেখেতৰ বিৱৰণ দিলে , মোৰ নাম হৰেন মই অৱসৰ লোৱা শিক্ষক মোৰ মিচেছ মিনতি অৱসৰপ্ৰাপ্ত শিক্ষ‌য়ত্ৰী।তাৰ পিছত তেখেতে মোক বৰঝাৰ , ডিব্ৰুগড় spelling শুধিলে , মই কৈ গলো। তাৰ পিছত মোক তেখেতৰ ছোৱালী বিজুৰ কথা কলে যে তাইওঁ stenographer পঢ়িব খুজিছে আৰু MA পঢ়িব খুজিছে । মোৰ পৰা সকলো address ললে । এনেকৈ কৈ কৈ বাৰীখন পাৰ হলো, তেতিয়া আগত দুই ফালে দুটা ৰাস্তা ফালি গৈছে। তেখেতক জেঠা সম্বন্ধ ধৰি শুধিলো, আপুনি কলৈ যাব?তেতিয়া তেখেতে কলে আমাৰ ওচৰৰ গাওঁ এখনলৈ যাব তাত হেনো বিয়া আছে । মোক তেখেতে শুধিলে এই ৰাস্তাৰে যাওঁ নেকি ? মই তেখেতক শুধিলো জেঠা চুপাটোৰ নাম জানে ? তেতিয়া তেখেতে চুপাৰ নামটো কলে আৰু বিয়াঘৰৰ মুল মানুহজনৰো নামটো কলে। তেতিয়া মই হাঁহি হাঁহি কলো জেঠা বিয়াখন আমাৰ ঘৰৰ ওচৰতে মোৰ লগতে আহি থাকক । হৰেনে মোৰ কথা বতৰাবোৰ বৰ ভাল পাই কলে যে তই আই যতে পঢ়িছা তাতে মোৰ ছোৱালীয়ে admission লব। আমাৰ ঘৰ পালো, মানুহজনক ঘৰলৈ মাতি নি বহিব দিলোঁ। মাঁ আহিল ওচৰলৈ,মোক চৰৱত বনাবলৈ কলে, চৰৱত দিলো অকণমান সময় বহি জিৰণি ল'লে তেখেতে। তাৰ পিছত তেখেতক কলো যে বিয়াৰ বেণ্ডপাৰ্টীৰ মাত শুনিছে নহয় সেইখন বিয়ালৈ আপুনি আহিছে। মই মোৰ ভাইটীৰ লগত গৈ তেখেতকবিয়াত থৈ আহিলো।


এতিয়া কাহিনীটোৰ তৃতীয় খণ্ড আহিল ... কিছুদিন পিছত বিজু মোক বিচাৰি মই পঢ়া institute খনলৈ আহি মোৰ কথা শুধিলে , তেতিয়া মোৰ শিক্ষয়িত্ৰী গৰাকীয়ে কলে তেওঁ class কৰি ঘৰলৈ গ'ল।বিজুই admission ললে আৰু মোৰ সময়টো শুধিলে , সেইমতে দ্বিতীয় দিনাখন মোৰ চিনাকি হ'ল আৰু আমি দুইজনৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিল। দুইজনে কথা পাতিলো মাষ্টাৰ ডিগ্ৰী night ত পঢ়া কাৰণে। admission ললো।Short hand class ৰ পিছত আমি MAৰ class কৰি গলো। কেতিয়াবা ৰাতি বাছ নেপালে বিজু আমাৰ ঘৰতে থাকি যায়।বঢ়িয়া সম্পৰ্ক এটি গঢ়ি উঠিছিল দুইখন ঘৰৰ মাজত,আৰু প্ৰকৃত বান্ধৱী আজিওঁ পাহৰিব পৰা নাই। কাহিনীৰ চতুৰ্থ খণ্ড .. আমি সদায় আলোচনা কৰো কেনেকুৱা লৰাৰ লগত বিয়া হম এনেকৈ ধেমালি কৰি থাকো। এদিন class সোনকালে শেষ হ'ল বিজু ঘৰলৈ গ'ল। গাড়ীৰ পৰা নামি বিজুৰ ঘৰলৈ গৈ থাকোতে, দুজন মানুহে তাইৰ ফালে খুব চাইছে , বিজুই মোক কোৱা কথা দেই এইবোৰ শুনি যাব very interesting কথা। তাৰে এজন বয়সীয়াল আনজন সুন্দৰ চফল ডেকা। তেখেত সকল মানুহ এঘৰলৈ ছোৱালী চাবলৈ আহিছে ঘৰটো চিনি নেপায়। ঘৰটো কোনফালে বিজুক শুধিলে। বিজুই একো নেজানে তেতিয়ালৈকে ছোৱালী চাবলৈ আহিছে নে কি কাৰণে আহিছে। ঘৰ দেখুৱাই দিলে বিজুই ,কিন্ত ঘটনা এটি ঘটিল । ছোৱালী চাবলৈ অহা লৰাটোয়ে বিজুক পচণ্ড কৰিলে , ছোৱালী চাবলৈ নগ'ল। দ্বিতীয় দিনাখন বয়সীয়াল মানুহজনে মোৰ বান্ধবীক লগ ধৰি কলে যে লৰাটোৱে তোমাক পচণ্ড কৰিছে বিয়া পাতিবা নেকি? ইয়াৰ পিছত লৰাটোৱে তাইক লগ ধৰে আৰু দুয়োৰে মাজত প্ৰেম হ'ল। ঘৰৰ মানুহক কথাবোৰ কলে কিন্তু মাক দেউতাকে বিয়াত সম্মতি দিয়া নাছিল। এনেকৈ দুয়ো দুবছৰৰ প্ৰেম কৰিলে । মোৰ লগতো চিনাকি হল লৰাটো, ভাল চাকৰি থকা সুন্দৰ লৰা। বিজুই বিচৰা মতে লৰা পাইছে বুলি কব লাগিব।


আমাৰ course বোৰ শেষ হ'ল। অৱশেষত তাইৰ মাক বাপেক ভায়েকে বিয়াত সম্মতি দিলে। মোৰ পিছে বিয়া খোৱা নহ'ল কাৰণ তাইৰ বিয়াৰ এসপ্তাহ পিছত মোৰ বিয়াৰ থিক হল । দুইখন ঘৰৰ মানুহে বিয়া enjoy কৰিছিল। বিজুই এদিন মাৰ ঘৰত আহি মোক লগ ধৰি গ'ল। সেইদিনাৰ পৰা মই বিজুক দেখা নাই। কাৰণ বিয়া হৈ মই অসমৰ বাহিৰলৈ গুচি আহিলো । দাদাক প্ৰায়ে লগ পাই খৱৰ ল‌য়। এৱাৰ এখন চিঠি পাইছিলো যে তাই কলেজ এখনত সোমাল। শুনি বহুত ভাল লাগিছিল । কিন্তু মোৰ ফালৰ পৰা একো উত্তৰ দিয়া নহ'ল address বোৰ হেৰাই থাকিল। এইটো সচা কাহিনী বিজূৰ যদি ঘৰৰ মানুহে পায় , নিশ্চয় বিজুৰ খৱৰ পাম। সম্পৰ্ক গঢ়িব জানিলে তেজৰ নেলাগে, ইজনে সিজনক বুজা হব লাগে।

profile

অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।

A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star

Keep in touch