Published July 23 2023
ভ্ৰমণ কাহিনী
এটি দক্ষিণ ভাৰত ভ্ৰমনৰ মধুৰ কাহিনী
আপোনালোকৰ আগত প্ৰকাশ কৰিম বুলি ভাবিছোঁ। কাহিনী আৰম্ভ কৰাৰ আগতে কোৱা ভাল বুলি ভাবো যে দক্ষিণ ভাৰতৰ মানুহে হিন্দী ভাষা কম কয়। তাৰোপৰি ইংৰাজী ভাষা স্থানীয় মানুহে একেবাৰে নেজানে লোকেল ভাষা কয় । আজিৰ পৰা ২০ বছৰ আগৰ কাহিনী, আমি মানে বহুত অসুবিধাৰ সন্মুখীন হৈছিলো , কিন্তু ভগৱান সহায় থাকিলে সকলো কাম সুকলমে হৈ যায় । সেই সময়ত মোৰ লৰা ছোৱালী হাল একেবাৰে সৰু আছিল , লৰাটোৰ বয়স ৩ বছৰ আৰু ছোৱালীজনীৰ বয়স ৮ বছৰ আছিল। সাধাৰণতে ভাৰতীয় মানুহে ভ্ৰমণ মন্দিৰ লৈয়ে কৰে , আমিওঁ Tirupati Balaji temple বুলি Ahmedabad to Chennai বিমানেৰে গলো । Chennai airport ৰ পৰা Tirupati temple ললৈ প্ৰায় 150 কিলোমিটাৰ হব। আমি texi এখন লৈ Chennai পৰা বালাজী মন্দিৰলৈ বুলি ওলালো। মন্দিৰটো বহুত ওপৰত অবস্থিত হয় tirumala hill বুলি কয়। সেইদিনাখনেতো মন্দিৰ দৰ্শন কৰিব নোৱাৰো গতিকে আমি হোটেলৰ ৰুম লৈ জিৰনি ললো। ৰাতিয়ে আমি হোটেলৰ counter ত গৈ শুধিলো মন্দিৰলৈ কেনেকৈ যাম। মানুহ জনে কলে ইয়াৰ পৰা জীপ অহা যোৱা কৰি থাকে ৰাতিপুৱা যাব পাৰিব। আমিও জিৰনি ললো। দ্বিতীয় দিনাখন ৰাতিপুৱা গা মুৰ ধুই একো নোখোৱাকৈ মন্দিৰ
বুলি ওলালো।আমি জীপ এখন পালো মানুবোৰ জীপেৰে গৈ আছে ,আহি আছে। বহুত ওপৰত মন্দিৰটো কিন্তু ভাল কি পাহাৰৰ ওপৰলৈ যোৱা ৰাস্তা বেলেগ অহা ৰাস্তা বেলেগ গাড়ী বিলাক বেলেগ ৰাস্তাৰে গৈছে বেলেগ ৰাস্তাৰে আহিছে। আমিও জীপ এখনত উঠি ওপৰলৈ গৈ পালো। আমি ইয়াত প্ৰথম বাৰ আহিছো, মন্দিৰ কেনেকৈ দৰ্শন কৰিম নেজানো।অকল আমাৰ পৰিয়ালটোৱে আছিলো ,সিহত দুটা একেবাৰে সৰু , মানুহৰ ভীৰ মন্দিৰ কোনফালে একো গম নেপাওঁ। গাৰ্ডক শুধিলো মন্দিৰ কেনেকৈ দৰ্শন কৰিম ,হিন্দী ইংৰাজী দুইটা ভাষাতে শুধিলো একো বুজি নেপাই আমাৰ ফালে ভেবা লাগি চাই থাকিল। আগতে কৈছো নহয় হিন্দী ইংৰাজী লোকেল বোৰে কবলৈ বুজিবলৈ যত্ন নকৰে। মই এখেতক কলো সৌ মানুহবোৰ দেখোন লাইন লাগিছে তালৈকে যাওঁ বলক । আমিওঁ লাইনত থিয় হলো mobile জমা দি লাইনত থিয় হৈ গৈ আছো কম চে কম দুইঘন্টা লাইনত গৈছো। তাৰপিছত যি দেখিলো মুৰ ঘুৰি গ'ল। লাইনত যাওঁতে একো দিগদাৰী নাই পানীৰ ব্যৱস্থা কৰি দিছে।ঘৰৰ ভিতৰি ভিতৰি লাইনবোৰ। লাইন শেষ হ'ল কি দেখিলো জানেনে প্ৰকাণ্ড প্ৰকাণ্ড ঘৰ এসোপা মানুহ ভৰাই ভৰাই তলা মাৰি থৈ দিছে বাহিৰত। বাহিৰত লিখা আছে এই তীৰ্থযাত্ৰীবোৰে নিশা ৮ টাত দৰ্শন কৰিব পাৰিব। এনেকৈ বেলেগ বেলেগ সময়। আমি আহি পালেহি আমাৰ জিৰনি ঘৰটোলৈ তাত লিখা আছিল নিশা ১১বজাত দৰ্শন কৰিব পাৰিব। মোৰ বৰ ভয় হ'ল অকনিপোৱালী কেইটা কেনেকৈ থাকিব ইমান দেৰি ,সেয়েহে মনতে ভাবি আমি ওলোটি লাইন ললো, নোসোমালো ঘৰটোৰ ভিতৰত। মনতে বহুত দুখ লাগিল কেনেকৈ দৰ্শন কৰো নাৰায়নক। ওলোটা লাইনত আহোতেও আমাৰ দুইঘন্টা লাগিলে। লৰাটোৱে কান্দিব আৰম্ভ কৰি দিলে , ইফালে সি বহুত ভয় খাইছে তাত যোৱা মাইকী মানুহবোৰেও মুৰ খুৰাই দিয়ে , এইবোৰ দেখি সি বহুত বেছি ভয় খাই চিঞৰিবলৈ ধৰিলে , তাত নেথাকে ৰুমত আহে। মোৰ বহুত দুখ লাগিল মই কলো যে যাম মন্দিৰৰ মনিকুটতো দেখিলে সেৱা এটি জনাই যাম। এনেকৈ ভাবি আঠুলৈ সেৱা এটি জনালোঁ।
ভগৱানক কলো তোমাক দৰ্শন কৰিব নেপালো, ইমান দুৰ আহিলো দোষ নধৰিবা প্ৰভু। এনেকৈ কৈ আহিবলৈ ওলাইছো বুজিছেনে ভগৱানৰ কি মহিমা , ভগৱান আছে মনেৰে বিচাৰিলে পাই, কেতিয়াও ভগৱান নাই বুলি কব নেলাগে। লিখোতে মোৰ চকুপানী ওলাই গৈছে।হঠাৎ হিন্দী কোৱা লৰা এজন আহি আমাক শুধিলে , কৰ পৰা আহিছো মন্দিৰ দৰ্শন হ'ল নেকি তললৈ যাব নেকি ? আমি মানে তাক ভগৱান বুলি জ্ঞান কৰিলোঁ। লৰাটোক কলো মন্দিৰ দৰ্শন কত কৰিম কেনেকৈ যাওঁ বুজিয়ে পোৱা নাই , ইমান লাইন দেৰ ৰাতিলৈকে কেনেকৈ থাকিম ইহতক লৈ এনেকৈ কলো। তেতিয়া লৰাটোৱে আমাক টিকট counter এটাৰ ওচৰলৈ লৈ গল , আৰু কিবা হেজাৰ টকাৰ টিকট আনি দিলে আমি তাৰ টিকটতোও কাটি দিলো মন্দিৰ দৰ্শনৰ কাৰনে।টিকত Counter ত কলে যে কালি ৰাতিপুৱা ১০টা বজাত দৰ্শন কৰিব পাৰিব। লৰাটোৱে আমাক ৰুমত থৈ গ'ল। পিছদিনাখন সি আমাক হোটৈলৰ পৰা লৈ গ'ল মন্দিৰলৈ তাৰ নিজা texi আছিলে। ভাল লাগিল মন্দিৰ দৰ্শন কৰি । তাৰপিছত লৰাটোৰ দ্বাৰাই ভাল গাড়ী এখন লৈ আমি ৰামেশ্বৰ ধামলৈ আহিলো , যত ৰামে সীতাক উদ্ধাৰ কৰিবলৈ শিৱপুজা কৰিছিল , জ্যোতিলিংগ হয়।
ৰামেশ্বৰত ১০টা কুণ্ড আছে , সেই কুণ্ড কেইটাৰ পৰা মানুহ এজনে পানী উঠাই গা ধুৱাই দিয়াৰ পিছতহে আপুনি মন্দিৰ দৰ্শন কৰিব পাৰিব। এনেকুৱা নিয়ম । তাতো আমি পুজা কৰিলোঁ ৰামে বন্ধা সেতুটো দেখিলো । তাৰপিছত আমি বিখ্যাত মীনাক্ষী মন্দিৰ দৰ্শন কৰিলো। সোনৰ লক্ষ্মী মন্দিৰ দৰ্শন কৰিলো। বহুত ফুৰিলো ভাল লাগিল। কন্যা কুমাৰী মন্দিৰ গলো সাগৰৰ মাজত। বহুতে ভাল লাগিছিল। নিশাটো কন্যা কুমাৰীতে কটালো , সুন্দৰ সুন্দৰ দক্ষিণ ভাৰতৰ গান বাজনা বোৰ শুনিলো , বহুত ভাল লাগিছিল। ৰাতিপুৱা সূৰ্য্য উদয় হোৱা সুন্দৰ অপূৰ্ব দৃশ্য ভাৰত মহাসাগৰত উপভোগ কৰিলোঁ।
আজিৰ পৰা ২০ বছৰ আগৰ দক্ষিণ ভাৰত ভ্ৰমনৰ কাহিনী। এতিয়া সকলো সলনি হল। কিন্তু এতিয়াও দক্ষিণ ভাৰতৰ মানুহে হিন্দী ভাষা কম কয়। ইংৰাজী ভাষাতে কথা কয়।
মই কব খোজো যে ভগৱান নাই বুলি কেতিয়াও কব নেলাগে।ভগৱান আছে অন্তৰৰ পৰা মাতিলে মানুহৰূপী ভগৱান আপোনাৰ ওচৰত থিয় হৈ যাব।
অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।
A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star