logo
Go back to read more blogs!

মধ্যপ্ৰদেশ ভ্ৰমণ

cover image

আজি মই মধ্যপ্ৰদেশ ভ্ৰমণৰ ,মোৰ বাস্তৱ জীৱন যাত্ৰা আপোনালোকৰ আগত কাহিনী আকাৰত দাঙি ধৰিবলৈ যত্ন কৰিছো ।


আমি ওলালো মধ্যপ্ৰদেশত অবস্থিত জৌতিৰলিঙ্গ দৰ্শন কৰিবলৈ। ভাৰতবৰ্ষত ১২ জৌতিৰলিঙ্গ আছে । তাৰে ভিতৰত মহাকালেশ্বৰ ওমকাৰেশ্বৰ জ্যোতিৰলিঙ্গ মধ্যপ্ৰদেশত অবস্থিত। মহাকালেশ্বৰ মন্দিৰ ১২জ্যোতিৰলিঙ্গৰ ভিতৰত এটি হয় । উজ্বৈন নগৰ মধ্যপ্ৰদেশত অবস্থিত।মহাকলেশ্বৰ ভগৱানৰ এটি প্ৰধান মন্দিৰৰ ভিতৰত হয়। মহাকালেশ্বৰ সিপ্ৰা নদীৰ পাৰত হয় ।এই নদীটোৰ এটি ঐতিহাসিক কাহিনী আছে , নদীৰ পাৰত কুম্ভমেলা হয় । এই নদীৰ পাৰত মাঁ দূৰ্গা হৰসিদ্ধী মন্দিৰ আছে । এই নদীৰ পাৰত বহি মহান কবি কালিদাসে জ্ঞান প্ৰাপ্ত কৰিছিল বুলি ঐতিহাসিক কাহিনী আছে । সীতা মাঁয় দশৰথ ৰাজাক ইয়াতে পিণ্ড অৰ্পণ কৰিছিল। মহাকালেশ্বৰ মন্দিৰলৈ আহিবলৈ হলে Train ৰেও আহিব পাৰে আৰু plane ৰেও আহিব পাৰে ।


আমি যাত্ৰা কৰিলো plane ৰে । Plane ৰে আহিলে আপুনি Indore আহিব লাগিব। আমি আহমেদাবাদৰ পৰা Indore ৰলৈ আহিলো । Indore ৰ পৰা উজ্বৈন ৰ ৰাস্তা ১ ঘন্টাৰ ৰাস্তা হয় । কিন্তু আমি এদিন Indore ত কটালো । Indore ৰ কথা বহুত শুনি থাকো সেয়েহে Indore ত ৰৈ গলো। ভাৰতবৰ্ষৰ ভিতৰত Indore এখন অতি cleanest city হয় । ৰাস্তাত এখন কাগজৰ টুকুৰা পৰি থকা দেখা নেপায় । সকলোৱে মিলি চাফচিকুন কৰে । ভাল লাগিল দেখি । ইয়াতে বঢ়িয়া বঢ়িয়া খানা পোৱা যায় ।এখন street food ৰ বজাৰ আছে অতি উত্তম খানা পোৱা যায় । খানাৰ কথাটো মই নকওঁৱে মই চাইছো চাফচিকুনতা । লেতেৰা নে আনকিবা কাগজৰ টুকুৰা এটিও বিচাৰি নেপালো। গধুলী সময়ত khajrana বিখ্যাত গনেশ মন্দিৰ দৰ্শন কৰিলোঁ আৰু Pitra Parvat ত থকা হনুমান মন্দিৰ দৰ্শন কৰিলোঁ ।


যিয়ে নহওঁক পিছদিনা খন আমি যাত্ৰা কৰিলো উজ্বৈনলৈ মহাকাল দৰ্শন কৰিবলৈ।মহাকালেশ্বৰ দৰ্শনৰ আগত কালভৈৰবক দৰ্শন কৰিব লাগে। আমি কালভৈৰব দৰ্শন কৰিলোঁ। আপোনালোকক মই এটি কথা কোৱাই নাই , মহাকালেশ্বৰত ভস্ম আৰতি হয় , সেই আৰতিটো এদিনত এবাৰে হয় । ৰাতিপুৱা 4 টা বজাত হয় । আৰতি চাবলৈ হলে অনলাইন টিকট বুক কৰিব লাগে । নহলে ব্লেকত টিকট পোৱা যায় বহুত দিব লগা হয় ব্লেকত । আমি ঘৰতে অনলাইন বুক কৰি আহিছিলো । নিশা ১ বজাৰ পৰা লাইনত থিয় হব লাগে। যিয়ে নহওঁক আমি ভস্ম আৰতি দৰ্শন কৰিলোঁ ভাল লাগিল।গধুলী সিপ্ৰা নদীৰ পাৰৰ শক্তিপীঠ দূৰ্গা মন্দিৰ দৰ্শন কৰিলো। ইয়াতে মহান কবি কালিদাসক মাঁ ভগৱতীয়ে সাক্ষাত দৰ্শন দিছিল ,আৰু কালিদাসে ইয়াতে জ্ঞান প্ৰাপ্ত কৰিছিল।


এতিয়া আমি next দিনাখন ওমকৰেশ্বৰ জ্যোতিৰলিঙ্গ আৰু ওছৰতে মামলেশ্বৰ মহাদেব মন্দিৰ দৰ্শন কৰিবলৈওলালো । জ্যোতিৰলিঙ্গটো নৰ্মদা নদীৰ পাৰৰ পাহাৰত অবস্থিত হয় ।শুনা মতে ৰাজা মান্ধাতাই এই পাহাৰত বহি ঘোৰ তপস্যা কৰি ভোলেনাথ বাবাক প্ৰসন্ন কৰিছিল ।মান্ধাতাৰ কথাত ভোলেনাথ ইয়াত শিৱলিঙ্গ ৰূপত বিৰাজমান হয় । তেতিয়াৰ পৰা এই পাহাৰ খনৰ নাম মান্ধাতা পাহাৰ হয়। মন্দিৰ দৰ্শন কৰি আহোতে আমাৰ ৰাতি হৈছিল , সেয়েহে নিশাটো উজ্বৈনতে কটালো । পিছদিনা খন ৰাতিপুৱা আমি আহমদাবাদলৈ ঘুৰি আহিলো plane ৰে । মন্দিৰ দৰ্শন কৰি ভাল লাগিল কাৰণে আপোনালোকৰ আগত কাহিনী আকাৰত দাঙি ধৰিলো । আপোনালোকে পঢ়ি ভাল পাব বুলি ভাবিলো ।

profile

অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।

A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star

Keep in touch