logo
Go back to read more blogs!

মীনাৰ সংসাৰ

cover image

আজি 8 march happy women's day সকলোৱে ইজনীয়ে সিজনীক wish কৰিছে । মইওঁ wish কৰিবলৈ গ'লো ৭০ বছৰীয়া মানুহ এগৰাকীৰ ওচৰলৈ ।


শুধিলো কেনেকুৱা খুৰী ভালে আছে ? খুৰীজনীয়ে কিবা চিন্তা কৰি থকা যেন দেখি শুধিলো কি হৈছে খুৰী ? গাটো ভাল নহয় নেকি ? আজি কিবা খালেনে নাই ? তেওঁ মোৰ ফালে চাই মিচিকিয়া হাঁহি মাৰি কলে খাম ভাত বনাই থৈছোঁ । খুৰীজনীয়ে কলে আজি যে তুমি অকস্মাত মোৰ ওচৰলৈ আহিলা কিবা খৱৰ আছে নেকি মানে চৰকাৰৰ ? আজিকালি চৰকাৰ খনে কিবা কিবি সাহৰ্য্য দি থাকে নহয়। মই কলো নহয় খুৰী আজি তিৰোতা মানুহৰ দিন পালন কৰা হয় , সেয়েহে ভাবিলো এবাৰ আপোনাৰ খৱৰ এটিকে লৈ শুভেচ্ছা এটি দিয়ো বুলিহে । ওঁ ঠিকেই কৰিছা বহা চাহ একাপ খাই যোৱা , মই কলো নালাগে খুৰী আজি আপোনাৰ এৰি অহা দিনবোৰৰ কথা কওঁকচোন অলপমান শুনো ... খুৰীয়ে কবলৈ ধৰিলে কিমান কম কিমান শুনিবা ? সেইবোৰ কথাই মনত পেলাই হুমুনিয়াহ কাঢ়ি আছো ।ঠিক আছে আজি তিৰোতাৰ দিন বুলি কয় যদিওঁ মানুহে মোৰ জীৱন কাহিনী শুনা ভাল হব ।


সম্ভ্ৰান্ত ঘৰৰ আলসুৱা ছোৱালী আছিল মীনা । হাইস্কুলত class 1o ত পঢ়ি থাকোতেই বিয়া দিলে দেউতাকে । তেতিয়া ছোৱালী বোৰৰ বিয়া বহুত সোনকালেই হৈছিল কিন্তু লৰাবোৰ বয়সতে বিয়া পাতিছিল । চাকৰি এটি লোৱাৰ পিছতহে বিয়া পাতি দিছিল ঘৰৰ মানুহে । যিয়ে নহওঁক মীনাৰ গিৰিয়েক ৰজতৰ উপাৰ্জনৰ পথ ভালেই আছিল । চৰকাৰী চাকৰিয়াল সুস্থ সৱল ডেকা লৰা আছিল ৰজত । মীনাৰ বিয়া ধুম ধামেৰে হৈছিল নদন বদন কাপোৰ গহনা এসোপা দি পঠিয়াইছিল মীনাৰ লগত দৰাৰ ঘৰলৈ । যিয়ে নহওঁক একো কাম নকৰা মীনা নানান অত্যাচাৰৰ সম্মুখীন হ'বলগীয়া হৈছিল শহুৰেকৰ ঘৰত । গিৰেয়েক ৰজত বহুত কৃপণ আছিল , খোৱা লোৱাত দিগদাৰী দিয়া নাছিল যদিওঁ মীনাক মাকৰ ঘৰলৈ যাবলৈ নিদিছিল কিজানি মাকৰ ঘৰত কিবা দিয়েয়ে এনেকুৱা মনৰ ভাৱ আছিল। মীনাৰ দেউতাকে ছোৱালীৰ খৱৰ লবলৈ প্ৰায়ে গৈ থাকে ছোৱালীজনীয়ে কিবা কবাত দুখ পাইছে নেকি ? অসমীয়া সমাজত নিয়ম জোৱায়েক জীয়েকক মাঘৰ বিহুত নিমন্ত্ৰন দিয়া । সেয়েহে মীনাৰ দেউতাকে জোৱায়েকক নিমন্ত্ৰণ দি ঘৰত ভাত বনাই ৰৈ থাকে , কিন্তু ৰজত এদিনো যাবলৈ সময় নেপালে । দিনবোৰ এনেকৈ গ'ল, দুটি সন্তানৰ জন্ম হ'ল নদন বদন ঘৰ মাথো ৰজতে কলৈকো যাব নিদিয়ে নিজেওঁ নেযায় । চাকৰি আৰু ঘৰ সময় পালে দেওঁবাৰ দিনা খনেও ঘৰখনত বনুৱা মাতি কামত লাগি থাকে । মানুহ জনৰ বেয়া অভ্যাস আছিল চাহ চিগাৰেট তামোল বহুত খাইছিল ।কিছুবছৰ পিছত তেওঁ দুৰাৰোগ্য বেমাৰত ধুকাই থাকিল । মীনাই সন্তান দুটি হাতত লৈ সংসাৰ চলাব বুলি মনতে সাহস বান্ধি আগবাঢ়িলে জীৱন যাত্ৰাত । পেন্সনৰ টকা কেইটাৰে চলিব ধৰিলে মীনাই । সন্তান দুটি ডাঙৰ হৈ আহিল । ডাঙৰ জনৰ বিয়া পাতি দিলে শিক্ষিত ছোৱালী এজনীৰ লগত । দুইটাই একেখন স্কুলতে কাম কৰে । লাহে লাহে লৰা বোৱাৰী এদিন ঘৰ এৰি নিজা ঘৰ সাজি মাকৰ ওচৰৰ পৰা গুচি গ'ল। সৰু লৰাটোৰ চাকৰি নাই কিন্তু মহা বদমাছ হয় নিজে পছন্দ কৰি ছোৱালী এজনী লৈ আহিল । ঘৰখন কাজিয়া পেচালৰ বাহ হৈ পৰিল । কাজিয়াৰ মুল কাৰন মাকৰ পেন্সনৰ টকা কেইটালৈ । মীনাৰ এতিয়া মাজে মাজে ভাৱ হয় বৃদ্ধা আশ্ৰম যায় বুলি । কিন্তু যাব নোৱাৰে নাতি লৰাৰ মোহ এৰিব নোৱাৰে , ইফালে পেন্সনৰ টকা কেইটি কোনে খাব ? মাজতে ডাঙৰ লৰাটোৰ বহুত কেলেংকাৰী শুনিলে , সৰু লৰাটোৰ শুনিয়ে থাকে । কোনোমতে ঘৰখনৰ কাম কাজ কৰি খাই বৈ আছে মীনাই । এদিন সৰু বোৱাৰী ডাঙৰ বোৱাৰীৰ মাজত ভীষন কাজিয়া সম্পত্তি লৈ ।শান্তিৰে নিৰাপদে শুনি গৈ আছে মীনাই ।


গাৱৰ মানুহে কিবা ডাঙৰ লৰাৰ টকা খোৱা কেলেংকাৰীত এঘৰীয়া কৰি থৈছিল সমাজৰ মানুহে । যিয়ে নহওঁক সেইবোৰ এতিয়া তল পৰিলে সমাজে মীনাৰ ঘৰখন আকোঁৱালি ললে । কিন্তু মীনাৰ জীৱনত যে মীনাই অকনমানো সুখ নেপালে সেইবোৰ ভাবি ভাবি মীনাৰ blood pressure বাঢ়িব ধৰিলে । জীৱনটোত অকণমানো সুখ নেপালে মীনাই । এনকৈ কৈ মীনাই কলে কিনো তিৰোতাৰ দিন বুলি আছে সমাজত ? শুনিবলৈ ভাল কিন্তু ভাবিলে একো নাই । আজিকালি ছোৱালী বহুত আগুৱাই গৈছে কিন্তু সমাজত বেয়া চকুৰে ছোৱালী বোৰক চোৱাৰ আভাৱ নাই । যিয়ে নহওঁক তুমি চাহ একাপ খাই যোৱা , তুমি আহা কাৰনে মনতো পাতল লাগিল আকৌ খৱৰ কৰিবা next women day ত । খুৰীজনীৰ কাহিনীটো শুনি আপোনালোকৰো চাগে বেয়া লাগিল মোৰো খুউব বেয়া লাগিল । যিয়ে নহওঁক সকলো সাৱধানে থাকক শান্তিৰে থাকক । Happy women's day

profile

অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।

A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star

Keep in touch