Published June 30 2022
শিহৰণ
সন্ধিয়া নামি আহিছিল, বেলি ডুব যাওঁ যাওঁ সময়, দুবেলা পৰীক্ষা দি আহি ভাগৰি পৰি অলপ শুইছিলো, সাৰ পাই দেখো বেলি ডুবিবলৈ সময় হৈ গ'ল। ঘৰৰ গাইজনীয়ে পোৱালী দিয়া এসপ্তাহ হৈছিল, সেইদিনা ঘৰৰ মন্দিৰতে গোপালৰ শৰাই এখন আগবঢ়াইছিল । মন্দিৰত সেৱা এটা জনাবলৈ মায় মোক মাতি আছিল, বিচনাৰ পৰা উঠি মই পিছফালে থকা কুৱাটোৰ ওচৰলৈ গৈ পানী এবাল্টি উঠাই মুখখন ধুবলৈ ললোঁ, কুৱাটোৰ ওচৰলৈ যাওঁতে মই দেখিছিলো, বৰদেউতা হতৰ নবৌজনী বগা সাজ পিন্ধি মোৰ ফালে পিঠি দি থিয় হৈ আছে । দাদাজন ঢুকাইছিল সেয়েহে নবৌজনী সদায় বগা সাজ পিন্ধিছিল । নবৌৰ সৰু সৰু লৰা ছোৱালী এহাল আছিল, মনতে ভাবিলো সিহতৰ কোনোবা জনে চাগে পায়খানা কৰিবলৈ আহিছে, কিন্তু মুখখন ধুই দেখো যে নবৌজনী নাই।কি হ'ল, মোৰ চিন্তা হ'ল, আগুৱাই গৈ দেখিলো নবৌজনী সচাকৈ নাই । মোৰ বহুত ভয় লাগিলে, ভৰি দুখন গধুৰ হৈ গ'ল, একেবাৰে খোজ কাঢ়িব নোৱাৰা হৈ পৰিলো । কেনেবাকৈ আহি মন্দিৰত সেৱা জনাই প্ৰসাদ লৈ নবৌজনীক সুধিলো, নবৌজনীয়ে কলে মইতো ইয়াতে আছো বাহিৰত যোৱা নাই, তেতিয়া মোৰ বহুত ভয় লাগিলে। কথাটো মাক কলো, মায় বহুতক সোধ পোচ কৰিলে, কৰি গম পালে যে সন্ধিয়া সময়ত এইটো হেনো ভূত পৰী আছিল।
মই যে বহুত ভয় খাইছো এই কথাটো ঘৰৰ প্ৰতিজন ব্যক্তিয়ে গম পালে , সেয়েহে মোৰ সৰু ভাইটীয়ে মোক ভয় খুৱাবলৈ চেগ চাই আছিল । কিছুদিন পিছত পৰীক্ষা শেষ হ'ল ঘৰলৈ আলহী আহিবলৈ আৰম্ভ কৰি দিলে , নিশা সেইদিনাখন খোৱা লোৱা পলম হৈছিল , খাই বৈ আলহীয়ে ভূতৰ সাধু আৰম্ভ কৰি দিলে । আমাৰ ঘৰৰ নিয়ম আছিলে যে আমি ৰাতি খোৱা বাচন বৰ্তনবোৰ ধুই পখালি সুন্দৰকৈ থৈ দিওঁ । ঘৰৰ নিয়ম মতে বৰ্তনবোৰ ধুবলৈ ওলাই আহিলো সৰু ভনীক লগত লৈ , আমাৰ এটা কুৱা আছিল পানী খোৱা , কুৱাটোৰ কাষতে বৰ্তন ধোৱা জাগা দোখৰ আছিল , ভন্টীয়ে লেমটো ধৰি মোক বাচন মাজা চাই আছিল। মোৰ বাচন মাজা শেষ হ'ল এতিয়া চাফ চিকুন কৰি ধুবলৈ বাকী , থিয় হৈ কুৱাটোৰ পৰা পানী উঠাই বাচনবোৰ চাফা প্ৰায় আধা কৰিলোঁ কিন্তু মোৰ এনেকুৱা ভাৱ এটা হৈ আছে যে কুৱাটোৰ সম্মুখত থকা আম গছ জোপাৰ তলত মানুহ এজন থিয় হৈ মোৰ ফালে চাই আছে । মই একো কোৱা নাই ভন্টীয়ে ভয় খাৱ । চোতালত আলহী বহা চকীকেইখন খালী আছিল সাধু শুনি সকলোৱে শুৱলৈ গ'ল । খালী চোতাল মোৰ ভয় ক্ৰমান্বয়ে বাঢ়ি গল আম গছজোপাৰ তলত থিয় হৈ থকা মানুহ কোন সেইজন ? বাৰ বাৰ চকু পৰাৰ পিছত মই সকলো পাহৰি কুৱাৰ ভিতৰতে বাল্টিটো পেলাই চিঞৰি চিঞৰি দৌৰি আহি চোতালত থকা চকীকেইখনৰ ওপৰত পৰি গলো , মোৰ হুচ নাই ভন্টীওঁ দৌৰি চোতাল পালেহি , ভিতৰৰ পৰা মোৰ সৰু দাদা আহি শুধিলে কি হ'ল ? মই একো কৱ নোৱাৰা হৈ গলো । কিন্তু মোক ভয় খুৱাবলৈ চেগ চাই থকা ভাইটী আহি কলে যে সেইটো মই আছিলো ভূত নহয় । তেতিয়া সৰু দাদাই তাক মাৰিবলৈ খেদি গৈছিল কিন্তু পায় ক'ত ? দৰ্জা বন্ধ কৰি শুই থাকিল । আমিওঁ শুই থাকিলো । জীৱনৰ এই শিহৰন কাৰী ঘটনাবোৰ আজিওঁ মোৰ মনত পৰিলে কেতিয়াবা বুকুখন কপি উঠে । আপোনালোকে মোৰ জীৱনৰ সচা কাহিনীটো পঢ়ি নিশ্চয় ভাল পাব বুলি আশি কৰিলোঁ।
অসমীয়া ছোৱালী , অসমৰ বোৱাৰী ।
A homemaker with the passion of writing life experiences and doing reels 😋❤️
Poet / Storyteller / Reel Star